Show/Hide Keyboard Layout

অলিয়া বলিয়া

- বিষ্ণুপ্ৰসাদ ৰাভা

অলিয়া বলিয়া কৃষ্ণাই কলীয়া

ভাল গকুলত ঘিলা খেলিছিলা

ঘিলা খেলি খেলি ক’তে ময়াপী

ইলা অ’ কলিয়া

ভাল গকুলত ঘিলা খেলিছিলা

অলিয়া বলিয়া কৃষ্ণাই কলীয়া

ভাল গকুলত ঘিলা খেলিছিলা ।

 

তোমাকে নেদেখি খিতি লেখি লেখি

গোপীনি সকলে নখৰে জেউতি পেলালে ক’লা

বিচাৰি কৰিলে তলা-কলা

তোমাকে নেদেখি খিতি লেখি লেখি

গোপীনি সকলে নখৰে জেউতি পেলালে ক’লা

বিচাৰি কৰিলে তলা-কলা

অলিয়া বলিয়া কৃষ্ণাই কলীয়া

ভাল গকুলত ঘিলা খেলিছিলা

অলিয়া বলিয়া কৃষ্ণাই কলীয়া

ভাল গকুলত ঘিলা খেলিছিলা ।

 

অ’ কৰ শতৰুৰ লগতে কলিয়া

পাই মথুৰা লগৰী পালা

অঘা-বঘা দুই অসুৰকে বধি

কংস মোমাইক মাৰি অ’ কলিয়া

চিৰকাললৈ খিয়াতি থ’লা

অ’ কৰ শতৰুৰ লগতে কলিয়া

পাই মথুৰা লগৰী পালা

অঘা-বঘা দুই অসুৰকে বধি

কংস মোমাইক মাৰি অ’ কলিয়া

চিৰকাললৈ খিয়াতি থ’লা ।

 

অলিয়া বলিয়া কৃষ্ণাই কলীয়া

ভাল গকুলত ঘিলা খেলিছিলা ।।

Hits: 1966